Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 29:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

37 তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 29:37
12 পৰস্পৰ সংযোগসমূহ  

পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে; কিয়নো তেওঁলোকে সাত দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু সাত দিন উৎসৱ কৰিছিল।


তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব।


তেতিয়া তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাৰিটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।


তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁলোকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিঘূণ মেৰ উৎসৰ্গ কৰিব।


অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।


এইদৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণেই তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত্ত কৰিব; আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো সেইদৰে কৰিব।


পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব।


তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সজুলি, প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।


কোনোৱে যদি নিজৰ বস্ত্রত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱা দাইল, দ্ৰাক্ষাৰস, তেল, বা আন কোনো খোৱা বস্তু তেওঁৰ সেই বান্ধি লৈ যোৱা বস্ত্রত লাগে, তেনেহ’লে সেই খোৱা বস্তুবোৰ পবিত্ৰ হ’ব নে’?”” পুৰোহিত সকলে উত্তৰ দি ক’লে, “নহ’ব।”


হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?


হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন