Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 28:43 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

43 যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেইবস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 28:43
18 পৰস্পৰ সংযোগসমূহ  

তোমাৰ গোপনীয় অংশ যেন দেখা নাযায়, সেই বাবে মোৰ যজ্ঞবেদীলৈ তুমি খটখটিয়েদি নাযাবা’।”


সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।


তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”


আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁলোকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব।


আৰু তেওঁ নমৰিবলৈ সাক্ষ্য ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই কাৰণে সেই সুগন্ধি ধূপ যিহোৱাৰ সন্মূখত থকা জুইত দিব।


তেওঁলোকে যি ছাগলীৰ মূর্তিৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ’ব’।


এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,


এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেশনাবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।


তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি’।”


যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।


আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব।


সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।


আৰু ইস্ৰায়েলৰ সন্তানসকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে।


আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰস্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”


পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব।


কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন