Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 28:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 28:11
16 পৰস্পৰ সংযোগসমূহ  

পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,


তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”


মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।


আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।


এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।


যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকীমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।


মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।


আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।


তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।


তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত খোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।


শিকলি দুডালৰ দুই মুৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।


এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।


তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে ছয় জনৰ নাম এটা বাখৰত আৰু বাকী ছয় জনৰ নাম আন এটা বাখৰৰ ওপৰত ক্ষোদিত কৰাবা।


ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।


অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন