Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 28:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 28:1
33 পৰস্পৰ সংযোগসমূহ  

অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।


যোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।


চমূৱেল আছিল ইলকানাৰ পুত্ৰ। ইলকানা আছিল যিৰোহমৰ পুত্র। যিৰিহম আছিল ইলীয়েলৰ পুত্র। ইলীয়েল আছিল তোহৰ পুত্র।


কিয়নো লেবীয়াসকলে নিজ নিজ চৰণীয়া ঠাই আৰু নিজ নিজ উত্তৰাধীকাৰ এৰি যিহূদা আৰু যিৰূচালেমলৈ আহিল কিয়নো যাৰবিয়াম আৰু তেওঁৰ পুত্ৰসকলে তেওঁলোকক যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ কৰ্ম কৰিবলৈ নিদি তেওঁলোকক খেদি দিছিল৷


হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।


তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।


যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।


তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।


তোমাৰ ককায়েক হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।


মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিঘূণী মতা মেৰ-ছাগ ল’বা।


মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।


হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।


মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।


এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।


তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”


হাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।


পাছত হাৰোণৰ পুত্ৰ নাদব আৰু অবীহূৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে।


মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ।


যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেইয়াই তেওঁলোকে পাবলগীয়া ভাগ।


পাছত যিহোৱাই মোচিক ক’লে,


“তুমি হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰসকলক, লগত বস্ত্ৰবোৰ, অভিষেকাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ দুটা আৰু খমীৰ নিদিয়া পিঠাৰ খৰাহিটো লোৱা।


এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”


তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।


কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল।


এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;


তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।


কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।


তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন