Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 26:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটাকৈ স্তম্ভমূলৰ বাবে দুটাকৈ চুঙী লগাবা।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 26:19
14 পৰস্পৰ সংযোগসমূহ  

এশ কিক্কৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙীৰ বাবে খৰচ কৰা হ’ল। প্ৰত্যেক চুঙীত এক কিক্কৰকৈ এশ চুঙীৰ বাবে এশ কিক্কৰ ৰূপ খৰচ কৰা হ’ল।


তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।


আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুঁটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব,


যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি,


সেই কাপোৰ ওলমাবলৈ বিশটা খুঁটা; আৰু সেইবোৰৰ বাবে পিতলৰ বিশটা চুঙী; খুটাবোৰৰ হাঁকোটা আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।


সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।


তাত আঠখন তক্তা ৰূপৰ চুঙীৰ সৈতে একেলগে থাকিব লাগিব। সৰ্ব্বমুঠ ষোল্লটা চুঙী হ’ব লাগিব। প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনখন তক্তাৰ তলতো দুটা চুঙী থাকিব। এইদৰে বাকিবোৰ তক্তাতো থাকিব লাগিব।


তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা।


তুমি আবাসৰ দ্বিতীয় ফালৰ উত্তৰদিশত বিশখন তক্তা তৈয়াৰ কৰিব লাগিব।


প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন