17 প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা।
বচলেলে সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিশটা চুঙী গঢ়ালে; এখন তক্তাৰ তলত তাৰ দুটা খুটাৰ বাবে দুটা চুঙী, আৰু আন আন তক্তাৰ তলতো দুটাকৈ চুঙী গঢ়ালে।
প্ৰতিখন তক্তাত তেওঁ একে জোখৰ দুটাকৈ ওলোৱা অংশ কৰিলে; এইদৰে তাৰ আবাসৰ সকলো তক্তা কৰিলে।
সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটাকৈ স্তম্ভমূলৰ বাবে দুটাকৈ চুঙী লগাবা।
প্রতিখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল হ’ব।
তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা।