Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 25:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 25:20
22 পৰস্পৰ সংযোগসমূহ  

ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।


কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ঠাইৰ ওপৰত ডেউকা মেলি আছিল আৰু কৰূব দুটাই নিয়ম-চন্দুক আৰু তাৰ কানমাৰি ঢাকি ধৰি আছিল।


সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।


তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷


এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷


সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?


যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে৷


ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;


সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।


কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।


যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”


তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।


মই তোমাক ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত স্থাপন কৰিছিলোঁ আৰু অভিষিক্ত কৰা কৰূবৰ দৰে তুমি ঢাকি ধৰোঁতা আছিলা! তুমি জুইৰ নিচিনা চক্‌মকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা।


আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।


সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে।


তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।


তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু


এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা।


পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।


তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন