12 ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত বনাবা, আৰু নিয়ম চন্দুকৰ এফালে দুটা, আৰু আন ফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা।
তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা।
তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
সেই কানমাৰি নিয়ম-চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে।
সোণৰ চাৰিটা আঙঠি সাজি, সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা।
সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুউৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা।
কান্ধমাৰি কেইডাল চক্রৰ ভিতৰত সুমুউৱাই ৰাখিবা; আৰু যজ্ঞবেদি কঢ়িয়াবলৈ কান্ধমাৰিবোৰ বেদীৰ দুয়ো কাষে ৰাখিব লাগিব।
তেওঁ চন্দুক বৈ নিবলৈ, সেই কানমাৰি চন্দুকৰ দুই কাষে থকা আঙঠি সুমুৱালে।
বেদি বৈ নিবৰ বাবে, তেওঁ তাৰ কাষত থকা আঙঠিত কানমাৰি সুমুৱালে; তেওঁ সেই বেদি তক্তাৰে ফোঁপোলাকৈ নিৰ্মান কৰিলে।
তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।