8 কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।
কোনোৱে নিজ চুবুৰীয়াৰ অহিতে পাপ কৰিলে, যদি তেওঁক এক শপত খাবলৈ দিয়া যায় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ সন্মুখত শপত খায়,
তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।
ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
তেতিয়া তেওঁৰ মালিকে তেওঁক ঈশ্বৰৰ ওচৰলৈ আনিব লাগিব। মালিকে তেওঁক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ আনি, তেওঁৰ মালিকে বেজিৰে তেওঁৰ কাণ ফুটা কৰিব লাগিব। তেতিয়াহে দাস জনে গোটেই জীৱন তেওঁৰ মালিকৰ সেৱা কৰিব পাৰিব।
তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।
কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।