Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 22:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ লোক হ’বা। সেয়ে পথাৰত জন্তুৱে ছিৰা ছিৰ কৰা যিকোনো মাংস তোমালোকে নাখাবা; তাৰ পৰিৱৰ্তে কুকুৰৰ আগত পেলাই দিবা।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 22:31
14 পৰস্পৰ সংযোগসমূহ  

কাৰণ পবিত্র লোকসকলে তেওঁলোকৰ কিছুমান ল’ৰা-ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অৱিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মূখ্য লোকসকলে আগভাগ লয়।”


তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”


আৰু চৰাই হওঁক কি পশু হওঁক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতসকলে নাখাব।


“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।


এতেকে তোমালোকে শুচি অশুচি পশুৰ, আৰু শুচি অশুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু,পক্ষী আৰু ভুচৰ পোক পৰুৱা আদি জন্তু অশুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘিণলগীয়া নকৰিবা।


পুৰোহিতে নিজক অশুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে ছিৰা পশুৰ মঙহ নাখাব। মই যিহোৱা।


আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।


কিন্তু পিতৰে কলে, “হে প্ৰভু, এনে নহওক; কিয়নো মই কোনো ধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷”


বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।


নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন