20 কোনোৱে নিজৰ দাস বা দাসীক লাখুটিৰে মাৰোঁতে, তেওঁৰ যদি মৃত্যু হয়, তেনেহ’লে তেওঁ অৱশ্যে শাস্তি পাব।
তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।”
ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
তাৰ পাছত তেওঁ সুস্থ হৈ লাখুটি ধৰি খোজ কাঢ়িব পৰা হয়, তেতিয়া সেই ব্যক্তিৰ নষ্ট হোৱা সময় আৰু সম্পূৰ্ণ সুস্থতাৰ কাৰণে প্ৰহাৰ কৰা জনে তাৰ মূল্য দিব লাগিব। কিন্তু সেই প্রহাৰক জন হত্যাকাৰী বুলি বিবেচিত নহব।
তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে।
ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।
কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।
আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।