Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 20:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 20:25
6 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ দাস মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক দিয়া আজ্ঞা, যি দৰে মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছিল, সেই আদেশ অনুসাৰে: “যি শিলৰ ওপৰত কোনেও অস্ত্ৰ দঙা নাই, এনে নকটা শিলৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।” আৰু তেওঁ তাৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি আৰু তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।


তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।


শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।


আৰু হোম-বলিৰ অৰ্থে ডেৰ হাত দীঘল, ডেৰ হাত বহল, আৰু এক হাত ওখ, কটাশিলৰ এনে চাৰিখন মেজ আছিল; তাত হোম-বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়।


তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন