Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 2:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 2:2
8 পৰস্পৰ সংযোগসমূহ  

যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।


যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।


অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক যোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰোণ আৰু মোচিক জন্ম দিছিল। অম্ৰম এশ সাতত্ৰিশ বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল।


অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।


সেই সময়তে মোচিৰ জন্ম হ’ল। তেওঁ ঈশ্ৱৰৰ দৃষ্টিত অতি সুন্দৰ আছিল৷ তিনি মাহলৈকে তেওঁ পিতৃৰ গৃহত প্ৰতিপালিত হৈছিল।


পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - যোচেফৰ মূৰত, যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।


মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।


যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন