16 মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
চালেমৰ ৰজা মল্কীচেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে; মল্কীচেদক সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল।
তাতে তেওঁ নগৰৰ বাহিৰত থকা কুৱাঁৰ ওচৰলৈ গ’ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুৱাঁৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঠুকঢ়াই বহাই থ’লে।
চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; পাছত সেই নগৰীয়া মানুহৰ ছোৱালীবোৰ পানী তুলিবলৈ ওলাই আহিব।
তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত তিনি জাক মেৰ-ছাগ শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল।
ফৰৌণে যোচেফৰ নাম “চাফনৎপানেহ ৰাখিলে।” তেওঁ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিচৰ দেশ খন চাব লৈ ওলাই গ’ল।
ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে।
তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে, পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে; তেওঁলোকক চৌল আৰু তেওঁৰ দাসে সুধিলে, “ইয়াত ভাববাদী আছেনে?”