Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 19:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 19:19
9 পৰস্পৰ সংযোগসমূহ  

আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।


তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)


সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”


তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।


তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”


তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।


এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।


সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়;


আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন