Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 16:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 ইস্ৰায়েলী লোকসকলে সেই আহাৰৰ নাম “মান্না” ৰাখিলে। সেইবোৰ ধনীয়া গুটিৰ দৰে বগা; আৰু ইয়াৰ সোৱাদ মৌজোলৰ সৈতে বনোৱা পিঠাৰ দৰে আছিল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 16:31
8 পৰস্পৰ সংযোগসমূহ  

পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ’ল, তেতিয়া ক্ষুদ্র বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্রান্তৰ ভূমিত পৰি আছিল।


ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি?” কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই তোমালোকক খাবলৈ দিয়া পিঠা।”


সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে।


মোচিয়ে ক’লে, “যিহোৱাই কৰা আজ্ঞা এই মই তোমালোকক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত, মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবী-বংশই যাতে দেখিবলৈ পাব; তাৰ বাবে তোমালোকে পুৰুষানুক্ৰমে এক ওমৰ ৰাখি থবা।”


বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।


তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।


ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন