যাত্ৰা 16:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20193 ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।” অধ্যায়টো চাওক |
কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।