Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 16:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 “মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 16:12
17 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোক সমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”


তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।


তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।


তেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,


“ইয়াৰ বাবেই তেওঁলোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব।”


মই তোমালোকক মোৰ নিজৰ লোক কৰি ল’ম, আৰু মইয়ে তোমালোকৰ ঈশ্বৰ হ’ম। তোমালোকক মিচৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।


যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।


কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।


তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে।


আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।


ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।


“তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।


কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ; তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূ-চৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।


আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”


তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তান সকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব?


“মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন