Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 15:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 জল সমূহে তেওঁলোকক ঢাকি ধৰিলে; শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 15:5
12 পৰস্পৰ সংযোগসমূহ  

আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।


জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল।


জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।


কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।


ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।


মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, মোক জন্ম দিয়া হৈছিল।


কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!


তেওঁ ক’লে, “মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো; তাতে তেওঁ মোক উত্তৰ দিলে। চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।


আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।


মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।


পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন