10 কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।
পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।
কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি গ’ল, সেই বাবে তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, হাবিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে।
আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।
জল সমূহে তেওঁলোকক ঢাকি ধৰিলে; শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।
কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।
তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।
তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”
কাৰণ চোৱা, যি জনাই পর্বতবোৰ নিৰ্ম্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাব প্ৰকাশ কৰে; যি জনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিবীৰ উচ্চস্থানবোৰত অহা-যোৱা কৰে, তেওঁৰ নাম বাহিনীগণৰ ঈশ্বৰ যিহোৱা।
ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু ক’লে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
যিহোৱাই মিচৰীয় সৈন্যদললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া আপোনালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো দেখা নাই।