Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 14:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 14:29
19 পৰস্পৰ সংযোগসমূহ  

এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।


আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।


তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল; তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।


যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।


তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।


তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।


কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।


আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল; বৈ যোৱা জল সমূহো স্তূপাকৃত হ’ল; সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে।


যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।


তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।


সাগৰক, মহাজল সমূহক আপুনিয়ে শুকুউৱাই, মুক্তসকলক পাৰ হৈ যাবৰ বাবে অগাধ সাগৰক পথ কৰা জন আপুনিয়ে নহয়নে?


যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত?


হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷


ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন