24 কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?
সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।
তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা; যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”
শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও, সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম।
পাছদিনা চৌলে তেওঁৰ লোকসকলক তিনিটা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক ছাউনিৰ মাজলৈ আহি, প্রখৰ ৰ’দ নোহোৱালৈকে অম্মোনীয়াসকলক আক্রমণ কৰি পৰাস্ত কৰিলে। যি সকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ’ল যে, তেওঁলোক কোনো দুজন একেলগে নাথাকিল।