23 মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল।
তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।
মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।