Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 13:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 13:17
14 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।


তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰাই, আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি, ‘আমি পাপ কৰিলোঁ, আমি অপথে গলোঁ, আমি কুকৰ্ম কৰিলোঁ’,


এই জনে আমাৰ ওপৰ-পিতৃ, যি জনৰ কথা আমাৰ পূৰ্ব-পুৰুষ সকলে মানিবলৈ অসন্মত হৈ, তেওঁক অগ্রাহ্য কৰিছিল আৰু মিচৰ দেশলৈ উভতি যাবলৈ মনস্থ কৰিছিল।


সেই বিষয়াসকলে পুনৰ ক’ব যে, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; নহ’লে আন ইস্রয়েলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব।”


কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।


কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।”


সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”


বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।


ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।


মিচৰ সম্বন্ধে মই আপোনালোকক কৈছিলোঁ ‘আপোনালোকে পুনৰ মিচৰৰ পথ নেদেখিব।’ কিন্তু যিহোৱাই আপোনালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত আপোনালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিব, কিন্তু কোনেও আপোনালোকক নিকিনিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন