Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 12:48 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

48 তোমাৰ লগত বাস কৰা কোনো বিদেশী লোকে যদি যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁৰ পৰিয়ালৰ সকলো পুৰুষে চুন্নৎ কৰিব লাগিব। তেতিয়াহে তেওঁ আহি তাক পালন কৰিব পাৰিব। তেওঁ দেশত জন্ম হোৱা লোকৰ নিচিনা হ’ব। অৱশ্যে চুন্নৎ নোহোৱা কোনো লোকে ইয়াক ভোজন কৰিব নালাগে।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 12:48
12 পৰস্পৰ সংযোগসমূহ  

তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।


বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।


এই সাত দিনলৈকে তোমালোকৰ ঘৰবোৰত খমিৰ পোৱা নাযাব। কাৰণ বিদেশী হওক, বা স্বদেশীয়েই হওক, যি কোনোৱে খমিৰ দিয়া বস্তু খাব, তেওঁক ইস্ৰায়েলৰ সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব।


যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “নিস্তাৰ-পৰ্ব্বৰ বলিৰ বিধি এই: কোনো বিদেশী লোকে ইয়াক ভোজন কৰিব নোৱাৰিব।


কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম!


প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নোসোমাব।


তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।


তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।


আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”


এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।


এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন