Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 12:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 তেতিয়া মিচৰীয়া লোকসকলে শীঘ্ৰে ইস্ৰায়েলী লোকসকলক দেশৰ পৰা পঠাবৰ বাবে ততাতৈয়া লগালে; কাৰণ তেওঁলোকে ক’লে, “আমি সকলো মৃত লোক।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 12:33
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”


তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।


তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”


যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।


তাৰ পাছত, তেওঁলোকে মিচৰৰ পৰা অনা খমীৰ নিদিয়া আটাগুড়িৰে পিঠা যুগুত কৰিলে। সেইবোৰত খমীৰ দিয়া নাছিল, কাৰণ তেওঁলোকক মিচৰৰ পৰা খেদাই দিয়া হ’ল, সেয়ে খোৱা যুগুত কৰিবৰ কাৰণে তেওঁলোকে পলম কৰিব নোৱাৰিলে।


তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”


কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।


ৰজাৰ আজ্ঞা যথাযথভাবে পালন কৰা হৈছিল, আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল, সেয়ে চদ্ৰক, মৈচক আৰু অবেদ-নেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্রাস কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন