Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 12:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কিয়নো যিহোৱাই মিচৰীয়া সকলক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত, আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহোৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে, আপোনালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 12:23
14 পৰস্পৰ সংযোগসমূহ  

আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।


“আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”


আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।


তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷


বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।


তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।


পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবুচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল।


নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।


যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”


মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম।


তোমালোকে তাৰ কিছু তেজ লৈ, যি ঘৰবোৰত মাংস ভোজন কৰা হ’ব, সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত, আৰু ওপৰতো লগাবা।


হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।


অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন