Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 12:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তোমালোকে যিবোৰ ঘৰত থাকা, সেইবোৰ ঘৰত সেই তেজেই তোমালোকৰ চিন হ’ব; মই যেতিয়া মিচৰ দেশ মই আক্রমণ কৰিম, তেতিয়া সেই তেজ দেখি, মই তোমালোকক অতিক্রম কৰি এৰি থৈ যাম। এই মহামাৰিয়ে তোমালোকক স্পৰ্শ নকৰিব আৰু তোমালোকক বিনষ্ট নকৰিব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 12:13
10 পৰস্পৰ সংযোগসমূহ  

আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।


কিয়নো যিহোৱাই মিচৰীয়া সকলক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত, আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহোৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে, আপোনালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব।


কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।


তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।


ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।


এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,


তোমালোকে টঙালিৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।


যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”


তোমালোকে তাৰ কিছু তেজ লৈ, যি ঘৰবোৰত মাংস ভোজন কৰা হ’ব, সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত, আৰু ওপৰতো লগাবা।


চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন