Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 11:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 11:1
11 পৰস্পৰ সংযোগসমূহ  

আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা, তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাতগুণ আপদ ঘটাম।


তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।


কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”


মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।


ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?


তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ, এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।


তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা, আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।


তেওঁলোকে সুধিলে, “অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই মহামাৰীত আক্ৰান্ত।


তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”


মাজ নিশা সিংহাসনত বহা ফৰৌণৰ জেষ্ঠ পুত্ৰৰ পৰা বন্দীশালত থকা লোকৰ বৰ পুত্ৰলৈকে মিচৰ দেশত প্ৰথমে জন্মা সকলোলোক আৰু পশুবোৰৰ প্ৰথমে জন্মাবোৰকো আক্ৰমণ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন