Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 10:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 10:17
13 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।


পাছত তেওঁলোকে সেই আঞ্জা লোক সমূহক খাবলৈ বাকি দিলে; কিন্তু লোক সকলে সেই আঞ্জা মুখত দিয়া মাত্ৰকে চিঞৰি উঠিল, “হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে!” তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে।


তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই তোমালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু তোমালোক বহুত দূৰলৈ নাযাবা। তোমালোকে মোৰ বাবে প্ৰাৰ্থনা কৰা।”


ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক, আৰু তোমাৰ দাসসকলক আক্রমণ কৰিব’।”


তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”


তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।


মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”


হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল।


লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।


তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”


হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক;


তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;


এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন