Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 1:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 1:16
7 পৰস্পৰ সংযোগসমূহ  

পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”


কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।


তাৰ নেজে আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে, সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল।


সেই জন ৰজাই আমাৰ জাতিৰ লোক সকলক প্রৱঞ্চনা কৰি আমাৰ পূৰ্ব-পুৰুষ সকলৰ প্রতি কু-ব্যৱহাৰ কৰিলে। এনে কি শিশুবোৰ জীয়াই নাথাকিবলৈ তেওঁলোকৰ নৱজাত কেচুঁৱাবোৰ বাহিৰত পেলাই দিবলৈ দিলে।


মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।


তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।


তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন