Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাকোব 5:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।

অধ্যায়টো চাওক কপি কৰক




যাকোব 5:17
7 পৰস্পৰ সংযোগসমূহ  

পাছত গিলিয়দ-প্ৰবাসীসকলৰ মাজৰ তিচবীয়া এলিয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰে হ’ব।”


মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;


তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।


বহুদিনৰ পাছত যিহোৱাৰ বাক্য এলিয়ালৈ আহিল; সেয়া আছিল বৰষুন নোহোৱা হৈ থকা তৃতীয় বছৰ। যিহোৱাই ক’লে, “তুমি গৈ আহাবক দৰ্শন দিয়া আৰু তেতিয়া মই দেশলৈ বৰষুণ পঠিয়াম।”


“ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।


কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”


ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন