Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মীখ 2:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।

অধ্যায়টো চাওক কপি কৰক




মীখ 2:12
28 পৰস্পৰ সংযোগসমূহ  

বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।


বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।


পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।


সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।


যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।


তাৰ পাছত মেৰ-ছাগবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাৱশেষৰ মেৰ-ছাগবোৰে চৰিছে।


আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।


সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।


কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।


তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।


এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম!


আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”


প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।


আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।


যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।


সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।”


কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।


তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, আৰু তোমালোকলৈ চিয়োন জীয়ৰীৰ পাহাৰ, পূৰ্বৰ শাসন, যিৰূচালেম জীয়ৰীৰ ৰাজ্য আহিব।


বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে।


দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।


আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।


পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।


সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন