26 পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”
যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগতকৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।
তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
পাছত এই কথা যেন কোনেও নাজানে, তাৰ বাবে তেওঁ তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক কোনো খোৱা বস্তু দিবলৈ ক’লে।
পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে;
তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।