21 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”
যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?