Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 7:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 7:6
14 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।


ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।


তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।


তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।


কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।


যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মবোৰক তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।


তাৰ পাছত পৌলে যেতিয়া ক’লে, “পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্বপুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল”; কিন্তু সেই কথাত পৰস্পৰৰ মাজত একমত নোহোৱাত, তেওঁলোক বিদায় ল’বলৈ ধৰিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন