Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 7:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 7:26
7 পৰস্পৰ সংযোগসমূহ  

সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”


চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।


এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷


এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।


সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।


যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল।


তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন