19 কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে।
তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,
ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব।
দ্বিতীয় বাৰ তেওঁলৈ এই বাণী হ’ল: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷”
কিন্তু পুনৰ আকাশৰ পৰা নে স্ৱর্গৰ পৰা উত্তৰ আহিল, “ঈশ্বৰে যিহকে শুচি কৰিলে, সেইবোৰ তুমি বৰ্জিত নুবুলিবা৷”
“পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
এতেকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।