Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 6:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 6:2
11 পৰস্পৰ সংযোগসমূহ  

সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”


তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?”


যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।


যীচুৱে যেতিয়া কথা কৈ শেষ কৰিলে, তেতিয়া লোক সকলে তেওঁৰ শিক্ষাত বিস্মিত হৈ গ’ল;


তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।


পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।


তাৰ পাছত যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ গ’ল; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে৷ তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে।


আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন