Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 5:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 5:27
7 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।


তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।


ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।


তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।


এবাৰ ইস্রায়েলীয়াসকলে যেতিয়া এজন মানুহক মৈদাম দি আছিল, তেতিয়া হঠাৎ এদল মোৱাবীয়া মানুহ দেখি তেওঁৰ শৱটো ইলীচাৰ মৈদামৰ ভিতৰত পেলাই দিলে; তাতে সেই শৱে ইলীচাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জী উঠি নিজৰ ভৰিত ভৰ দি থিয় হ’ল।


অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷


কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন