22 এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”
তাতে তেওঁলোকে নাম-ঘৰৰ অধিকাৰী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহঁতে কৰা কামবোৰত গাল্লিয়োৱে মনোযোগ নিদিলে।
পৌলৰ কথা শুনি নাম-ঘৰৰ অধিকাৰী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহুলোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।
তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”
ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”
তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷
মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।
সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।”
তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।
তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।