Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মাৰ্ক 14:65 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

65 পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 14:65
17 পৰস্পৰ সংযোগসমূহ  

তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”


তাৰ পাছত ৰজাই ৰাজপ্রসাদৰ বাগিছাৰ পৰা দ্ৰাক্ষাৰস পান কৰা কোঁঠালিলৈ উভটি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক’লে, “এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে।


সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।


প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই।


তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে, সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল- সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল-


তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।


যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব।


পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”


তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে।


তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”


তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে।


যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”


ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, “অভিনন্দন, হে ইহুদী সকলৰ ৰজা, জয় হওক!” এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।


এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷


আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন