Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 14:54 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

54 আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 14:54
15 পৰস্পৰ সংযোগসমূহ  

সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।


তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;


তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”


পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।


এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”


কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।


সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”


তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”


আৰু কিছুমান ইব্ৰীয়ালোক যৰ্দ্দন পাৰহৈ, গাদ আৰু গিলিয়দ দেশলৈ গ’ল; কিন্তু চৌল গিলগলতে থাকিল, আৰু তেওঁক অনুসৰণ কৰা লোক সকলে কঁপিবলৈ ধৰিলে।


তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,


পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন