Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 12:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 12:32
13 পৰস্পৰ সংযোগসমূহ  

এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।


যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,


সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ,আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।


কোনে পৃথিৱী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।


যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কুচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব। তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰাৰ্থনা কৰিব, ‘নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”


তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”


হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;


যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।


মোৰ আগত আন কোনো দেৱতা নাথাকক।


আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন