Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মাৰ্ক 11:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক ক’লে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 11:33
26 পৰস্পৰ সংযোগসমূহ  

তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।


গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”


তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।


জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।


তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”


এই যুগৰ পাপী আৰু ব্যভিচাৰী লোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।


পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”


কিন্তু মানুহৰ বুলি ক’ম নে?’ তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।


পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল।


যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?


তেওঁ উত্তৰ দিলে, “মইতো আপোনালোকক অথনিয়ে ক’লো, কিন্তু আপোনালোকে নুশুনিলে; তেনেহলে আকৌ কি কাৰণে শুনিব খোজিছে? অাপোনালোকেও তেওঁৰ শিষ্য হ’বলৈ ইচ্ছা কৰে নেকি?”


তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷


কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন