Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মাৰ্ক 11:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গ’ল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 11:13
10 পৰস্পৰ সংযোগসমূহ  

তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।


কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।


এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷


পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।


তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে।


এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।


তেতিয়া তেওঁ গ’ল আৰু গৈ এখন পথাৰ পালে; তাতে তেওঁ ধান দাই থকাসকলৰ পাছে পাছে গৈ শস্যৰ পৰি থকা থোক বোটলিবলৈ ধৰিলে, আৰু ঘটনাক্ৰমে তেওঁ ইলীমেলকৰ গোষ্ঠীৰ মাজৰ সেই বোৱজৰ মাটি ডোখৰতে উপস্থিত হ’ল।


তাৰ পাছত লক্ষ্য কৰিবা, সেই ৰথ যদি নিজে বৈৎচেমচ নগৰলৈ যায়, তেতিয়া যিহোৱাই যে এনে মহামাৰী ঘটালে সেই বিষয়ে বুজিবা; আৰু যদি নাযায়, তেন্তে আমাক প্ৰহাৰ কৰা জন তেওঁ নহয় বুলি আমি জানিম; কিন্তু ইয়াৰ পৰিৱৰ্ত্তে ঘটনাক্ৰমেহে আমালৈ এই সকলো ঘটিল।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন