41 তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।
তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”
তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।
ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।