30 তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।”
সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?