3 তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।”
যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।
কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।
এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।
মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
“কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।