কিন্তু যীচুৱে ফৰীচী সকলৰ মনৰ ভাব বুজিব পাৰি তেওঁলোকক ক’লে, “যি ৰাজ্য নিজৰ মাজতে বিবাদ কৰি ভাগ ভাগ হয়, সেই ৰাজ্য ধ্বংস হয় আৰু যি নগৰ বা পৰিয়াল নিজৰ মাজতে বিবাদত লিপ্ত হৈ বিভক্ত হয়, সেই নগৰ বা পৰিয়াল বর্তি নাথাকিব।
কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক’লে, “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷
এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।